ভাষাটোৰ বাবে কিবা এটা কৰাৰ হেঁপাহ

প্ৰশান্ত বৰা
২০০৭ চনৰ অক্টোবৰ মাহৰ শেষৰফালেই ‘শব্দ’ৰ বিষয়ে গম পাইছিলো যদিও ইয়াৰ সভ্য হোৱাৰ সৌভাগ্য হ’ল নবেম্বৰতহে। এই ক্ষেত্রত ‘শব্দ’ পৰিয়ালৰ পাপৰি গগৈৰ নাম নললে আধৰুৱা হৈ ৰ’ব।প্রথম অৱস্থাত একো আও-ভাও পোৱা নাছিলো যদিও ‘শব্দ’ৰ groupmail, বুলজিত দা আৰু বিক্রম দাৰ পৰা পোৱা পৰামৰ্শই ‘শব্দ’ৰ প্রতি আকৰ্ষণ ক্রমান্বয়ে বঢ়াই তুলিছিল।অলপ সময় লাগিছিল যদিও খুব সোনকালেই ‘শব্দ’লৈ শব্দৰ বৰঙনি আগবঢ়াবলৈ আৰম্ভ কৰিলোঁ।

prasantaবৰ্তমান সময়ত ‘শব্দ’ৰ গুৰুত্ব কিমান সহজে অনুমেয়; কাৰণ হেৰাই যাব খোজা অসমীয়া শব্দক ‘শব্দ’ই যিদৰে পুনৰজীৱিত কৰিবলৈ চেষ্টা কৰিছে সেয়া সমগ্র অসমীয়াভাষী লোকৰ বাবে গৌৰৱৰ কথা। তাৰোপৰি অসমীয়া শব্দবোৰক একগোট কৰি ইন্টাৰনেটৰ মাধ্যমেৰে সকলো লোকৰে বোধগম্য হ’ব পৰাকৈ তালিকাভুক্ত কৰি সংৰক্ষণ কৰিব পৰাটো ‘শব্দ’ৰ আন এক উল্লেখযোগ্য দিশ।
প্রথম অৱস্থাত xobdo.orgৰ বিষয়ে বিশেষ গুৰুত্ব দিব পৰা নাছিলোঁ যদিও লাহে লাহে যেতিয়া উপলব্ধি কৰিব পাৰিলোঁ যে ‘শব্দ’ৰ গুৰুত্ব কিমান আৰু নিজৰ ভাষাটোৰ বাবে কিবা এটা কৰিবলৈ ই এক অতি উত্তম মাধ্যম, তেতিয়াৰপৰাই ‘শব্দ’ মোৰ দৈনন্দিন কৰ্মৰাজিৰ আন এক লেখত ল’বলগা কামৰ তালিকাত আহি পৰিল।কিয়নো আজিকালি দৈনন্দিন ২ ঘন্টামান ‘শব্দ’ৰ বাবে দিব নোৱাৰিলে কামৰ তালিকাখন আধৰুৱা যেন হয়।
সি যিকি নহওঁক নিজৰ মাতৃভাষাটোৰ বাবে আজিলৈ কিমান কৰিব পাৰিলো নাজানোঁ কিন্তু ‘শব্দ’ৰ মাধ্যমেৰে অলপ হ’লেওযে কৰিব পাৰিম সেয়া নিশ্চিত।

 

______________________________________________________

*The author is from Narayanpur, Lakhimpur in Assam and is a regular contributor to Xobdo.

Leave a Reply

*
To prove that you're not a bot, enter this code
Anti-Spam Image