শব্দ আৰু দুটামান বিক্ষিপ্ত চিন্তা

বিৰাজ কুমাৰ কাকতি
শব্দৰ বিষয়ে কিবা এটা লিখিব লাগে বুলি গম পাই মোৰ পেটতে হাত ভৰি লুকাল| ভাবিলোঁ এতিয়াহে বলিৰ পঠা এটা হ’ব লাগিব| এই অভাগাৰ শব্দৰ ভঁড়াল ইমানেই তাকৰ যে একেবাৰে পি.পু.সি.শু. কৰিবলৈও যঠেষ্ট নহয় বুলি ক’ব পাৰি| যাহওঁক এবাৰ খোঁচ (আচলতে খোঁচ ঠিক নহয়, ক্লিক্ হে) এটাকে মাৰি চোৱা যাওঁক বুলি ভাবি মোৰ কোলাত ল’ব পৰা সাংগাণনিক যন্ত্ৰটোৰ (Laptop computer – অসমীয়ালৈ অনুবাদ কৰাৰ ব্যৰ্থ প্ৰয়াস) সন্মুখত বহি পৰিলোঁ|

মূল বিষয় বস্তুলৈ যোৱাৰ আগতে কেইমাহমান আগৰ ঘটনা এটালৈ মনত পৰিল- উড়িষ্যাৰ ল’ৰা এজনৰ লগত হোৱা সাধাৰণ ঘটনা এটা| এদিন গৱেষণাগাৰত আমি কেইজনমানে লগ birajলাগি কথাৰ মহলা মাৰি আছিলোঁ | এনেতে কথাক কথাই ওলাল শৰাইঘাট দলঙৰ কথা| কথা প্ৰসঙ্গত ক’লোঁ বোলো কলীয়া ভোমোৰা দলংখন বহুত দীঘল (আচলতে ৩০১৫ মিটাৰ দীঘল)| তেতিয়া ল’ৰাজনে একেবাৰে জাঙুৰ খাই উঠি ক’লে “কেতিয়াও হ’ব নোৱাৰে, আমাৰ উড়িষ্যাত থকা মহানদীৰ ওপৰত থকা দলংখন আটাইতকৈ দীঘল|” মই ভাবিলোঁ, হ’বও পাৰে, তথাপি অলপ উচ্ছস্বৰতে কলোঁ, “নহয়, কলীয়া ভোমোৰাহে বেছি দীঘল|” ল’ৰাজনে নেমানে, তেতিয়া আমি এটা উমৈহতীয়া সিদ্ধান্ত ললোঁ যে গুগলত (Google) বিচাৰি চোৱা যাওঁক| বিচাৰ খোচাৰ কৰি গম পোৱা গ’ল কলীয়া ভোমোৰাহে বেছি দীঘল| ল’ৰাজনেও লাজ পাই গুচি গ’ল (যাওঁতে দুটামান উল্টা-পুল্টা কথা কৈ গ’ল)|
পাঠক সকলে ভাবিছে চাগে – এইজনাই এইবোৰ কি বলকি আছে? এতিয়া আহো মূল কথালৈ- মই শব্দ সংঘৰ সদস্য হোৱাৰ কেইদিনমান আগৰে পৰা শব্দ নামৰ কিবা এটা আছে বুলি ঘুনুক ঘানাককৈ শুনি আছিলো| এদিন বুলজিৎ বুঢ়াগোহাঁইৰ পৰা জালন্যাসৰ (ৱেবচাইট) নামটো সংগ্ৰহ কৰি খুলি চালো| প্ৰথমতে দেখি অলপ আচৰিতেই হ’লো – ভাবিলোঁ এয়াহে আমাৰ খাৰ খোৱা মগজু- ধুনীয়া অথচ অগতানুগতিক আৰু সৃষ্টিশীল চিন্তাধাৰাৰ পৰিচয়| লগে লগে ক্লিক্ ক্লিককৈ দুটামান শব্দ ভৰাই দিলো| পিছদিনা দেখিলো সেইকেইটা প্ৰকাশ হৈয়ে গ’ল| তাৰ দুদিনমান পিচতে এটা অসমীয়া শব্দ লিখিব পৰা সহজ চফ্টৱেৰ লৈ বৰঙণি দিয়া আৰম্ভ কৰি দিলোঁ আৰু আৰম্ভ হ’ল শব্দৰ লগত যাত্ৰা|
এতিয়া আহো প্ৰথমতে দলঙৰ বিষয়ে কিয় ক’ব লগা হ’ল| মোৰ লগত তেলেগু ল’ৰা এজনেও কাম কৰে| সেই ল’ৰাজনে এদিন সুধিলে “হোৱাট্ ইজ্ দিচ্?” বেচেৰাই তেলেগু আৰু ইংৰাজীৰ বাহিৰে অইন ভাষা নেজানে| মই উত্তৰত ক’লোঁ যে এইখন এখন অসমীয়া-ইংৰাজী-অসমীয়া অভিধান (তেতিয়া এইখন দ্বিভাষিক আছিল)| তেতিয়া ল’ৰাজনে ওলোটাই শুধিলে – শব্দ মানে কি? মই ক’লো বোলে –
word বা sound| আকৌ ওলোটাই প্ৰশ্ন – কিয় শব্দ নাম ৰাখিলে? মোৰ তেতিয়া পেটে-পেটে অলপ খঙো উঠিছিলে যদিও তাক অলপ বিস্তাৰিতভাৱে বুজাই দিয়াটোহে ভাল হ’ব বুলি ভাবিলো| মই তাক ক’লো যে মই সিমান ভালকৈ নেজানো কিয় শব্দ নাম ৰখা হ’ল| কিন্তু মই সীমিত জ্ঞানেৰে তাক বুজাবলৈ চেষ্টা কৰি ক’লো যে – চা ভাষা মানে কি? ভাষা হৈছে মত বিনিময় কৰাৰ এটা সু-সংহত মাধ্যম| এতিয়া শৰাইঘাট দলংখনে যদি ব্ৰহ্মপুত্ৰৰ দুয়োটি পাৰ সংযোগ কৰিব পাৰে তেতিয়াহলে এইখনে দুয়োটি পাৰৰ মানুহখিনিৰ বাবে যোগাযোগৰ এটা মাধ্যম হিচাপে শব্দই কাম কৰা নাইনে? সি কিবা বুজিলে নে নাই নেজানোঁ কিন্তু “ইয়েছ্ ইয়েছ্” বুলি দুবাৰমান কৈ মূৰ দুপিয়ালে| এতিয়া শৰাইঘাট দলঙৰ সাতযোৰ খুটাক আমি কি বুলি কম? দলং এখনৰ দৰে যেনেকৈ ভাষা এটা মাধ্যম তেনেকৈ শব্দ হৈছে সেই দলংখনৰ খুটা| কিন্তু ইয়াতে শব্দ নামৰ সঁতাৰ অভিধানখনে সেঁতু আৰু খুটা দুয়োটাৰে কাম কম-বেছি পৰিমানে পালন কৰিছে| তেতিয়া সি আকৌ ওলোটাই প্ৰশ্ন কৰিলে – “হাউ মেন্, হাউ?” তেতিয়া মই কলো – চা এইখন এখন অভিধান হোৱাৰ ওপৰিও দুটা বা ততোধিক ভাষাৰ সংযোগস্থলী হিচাবেও কাম কৰিছে, গতিকে সেই ক্ষেত্ৰত আমি মাধ্যম হিচাবেও ক’ৱ পাৰো| তেতিয়া সি শব্দৰ গোটেই কাৰ্য্যকৰ্তা কেইজনৰ ভূয়সী প্ৰশংসা কৰিলে|
যাহওঁক এতিয়া আহিছো শব্দৰ বৰ্তমান কামখিনিলৈ – কাৰিকৰী দিশৰ পৰা চাবলৈ গ’লে শব্দই এতিয়া পূৰ্ণাঙ্গ অৱস্থা এটা পাইছেগৈ| কিন্তু মূল কথা হৈছে স্বেচ্ছাসেৱকৰ অভাৱ!!! স্বেচ্ছাসেৱক একেবাৰে নাই বুলি মই ক’বলৈ যোৱা নাই| কেইজনমানে বহুত কষ্টও কৰিছে – কিন্তু সেয়া পৰ্য্যাপ্ত নহয়| আমি সকলোৱে আগবাঢ়ি আহিলেহে এয়া বৰ কঠিন কাম নহ’ব বুলি ভাবোঁ| লাগে মাথো সদিচ্ছা আৰু অকনমান সময়| আহকচোন আমাৰ ভাষাকেইটা জীয়াই ৰাখিবলৈ আমিও বৰঙণি আগবঢ়াও| মাউখে উটিলে হেনো গুড়ি পৰুৱাৰো মৰণ নাই| গতিকে চেষ্টা কৰি চোৱাত কিহৰ হেমাহি| একেআষাৰে ক’বলৈ হ’লে – শব্দ হৈছে উত্তৰ-পূব ভাৰতৰ সাতোখন ৰাজ্যৰ ভাষাগত বৈচিত্ৰতাৰ মাজত ঐক্যতাৰ এক অনন্য খতিয়ান| মই ভাবোঁ ইয়াক বচাই ৰখাটো আমাৰ কৰ্তব্য|

_____________________________________________________

*The author is a Research Scholar in the Dept. of Chemical Engineering, IIT Guwahati and is an Advanced Editor of XOBDO.

2 Responses to “শব্দ আৰু দুটামান বিক্ষিপ্ত চিন্তা”

  1. pankaj Says:

    শব্দৰ স্পন্দন
    শব্দৰ অনুৰণন
    শব্দৰ মায়া
    জীৱনৰ গতি
    যৌৱনৰ উত্তাপ
    মানৱতাৰ গান..

    অফুৰন্ত প্রেৰণা
    জীয়াই থকাৰ
    জীয়াই ৰখাৰ
    জোনাকৰ শিহৰণ
    সপোনৰ আৰোহন..

    শব্দই দলং বান্ধে
    শব্দই সেউজ় কৰে পথাৰ
    শব্দই হৃদয় যোৰে
    গঢ়ি তোলে একতাৰ পাহাৰ..

    শব্দই সপোন দেখাই
    জীৰনক ভাল পোৱাৰ
    শব্দই প্রত্যয় যোগাই
    অতীতক ওভতি চোৱাৰ..

    শৰাইঘাতৰেই বীজ
    তেজসৱী প্রান
    ৰাখিবলে আজি
    আপোন শব্দৰ মান
    গুঞ্জৰিত কৰিবলে
    মাতৃৰ গান
    লুইতৰ সোঁতৰ দৰেই আহিছে
    স্রোত্-শবিণী বান
    শব্দৰ গতি
    শব্দৰ বিপ্লৱ
    শব্দৰ বৰষুণ
    শব্দৰ উত্সৱ
    আৰু ——
    সপোনৰ আৰোহন ।।

  2. pankaj Barah Says:

    Very good Biraj…

Leave a Reply

*
To prove that you're not a bot, enter this code
Anti-Spam Image